চিৰাকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখ ভাগৰ দৃশ্য |
চৌদিশে উন্নয়নৰ শ্লোগান কিন্তু কিমান হৈছে জামাদাৰহাটৰ উন্নয়ন আমি আজি দেখুওৱাম জামাদাৰহাট উন্নয়ন খণ্ডৰ আন এক জীয়া ছবি, প্ৰথমে চাওক এই দৃশ্য সমূহ
আপুনি ভাবিছে নেকি এয়া কোনো শাওনৰ পথাৰৰ দৃশ্য,আচলতে নহয়
এয়া জামাদাৰহাট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ মাথো কেইমিটাৰ মান দূৰৰ দৃশ্য এয়া
এই দৃশ্য সমূহ চোৱাৰ পিছত আপোনাক হয়তো দুনাই কব নালাগে জামাদাৰহাটৰ উন্নয়নৰ কথা।
এটা গুৰুত্বপূৰ্ণ পথ তথা চিৰাকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ এনে পুতোও লগা দৃশ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক কিয়নো উক্ত স্থানটোৰ গাতে লাগি আছে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু গাঁও পঞ্চায়তৰ কাৰ্যালয়
তাৰোপৰি বহু কেইখন চৰকাৰী শিক্ষানুষ্ঠান,স্বাস্থ্য কেন্দ্ৰ, পশু চিকিৎসালয় , বজাৰ আদি ইয়াতেই অৱস্থিত। এই বিষয়ে জামাদাৰহাটৰ খণ্ড উন্নয়ন বিষয়া তথা বিদ্যালয় কৃত পক্ষকক অৱগত কৰাৰ পিছতো দিয়া নাই গুৰুত্ব আৰু যাৰ ফল ভুগিব লগা হৈছে সাধাৰণ ৰাইজ ক।
কত গল উন্নয়নৰ শ্লোগান সততে ঢাক-ঢোল বজোৱা চৰকাৰ তথা স্থানীয় জন প্ৰতিনিধি,অকল ভোটৰ সময়ত ভোটাৰ ৰাইজৰ কাষত লুটি বাগৰ মৰা জনপ্ৰতিনিধি সকলৰ চকুত নপৰে নেকি এই সমূহ নে দেখিও চকু মুদা কুলিৰ ভাও ধৰে জন প্ৰতিনিধি সকলে।